সদৌ অসম সংখ্যালঘূ ছাত্র সন্থাৰ উদ্যোগত ৰঙিয়া মহকুমা সংখ্যালঘূ উন্নয়ন সন্থাৰ সহযোগত ৰবিবাৰে দিনযোৰা কাৰ্যসূচীৰে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাৰ লগতে এখনি মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানো অনুষ্ঠিত হৈ যায়।

ৰঙিয়াৰ পৰা ৰাছিদুল আলমৰ প্রতিবেদন:

14 জানুৱাৰী:

সদৌ অসম সংখ্যালঘূ ছাত্র সন্থাৰ উদ্যোগত ৰঙিয়া মহকুমা সংখ্যালঘূ উন্নয়ন সন্থাৰ সহযোগত ৰবিবাৰে দিনযোৰা কাৰ্যসূচীৰে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাৰ লগতে এখনি মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানো অনুষ্ঠিত হৈ যায়। ৰাতিপুৱা ৮ বজাত পতাকা উত্তোলনৰ জৰিয়তে আৰম্ভণি কৰা হয় উক্ত অনুষ্ঠান । পতাকা উত্তোলন কৰে সদৌ অসম সংখ্যালঘূ ছাত্র সন্থাৰ সভাপতি ছামিন আলীয়ে। ৰাতিপুৱা আঠ বজাৰ পৰা আৰম্ভ হোৱা উক্ত কার্যসূচীৰ অন্ত পৰে বিয়লি দুই বজাত। ইয়াৰ পাছতে আৰম্ভ হয় মুকলি সভা। মুকলি সভাৰ সভাত সভাপতিত্ব কৰে আব্দুল মোন্নাফে ।মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে আৰিমত্ত গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য
জোনামণি শালৈ , চেনেল ইষ্টৰ ৰঙিয়াৰ সংবাদদাতা ৰছিদুল আলম,সদৌ অসম সংখ্যালঘূ ছাত্র সন্থাৰ ৰঙিয়া মহকুমা সংখ্যালঘূ উন্নয়ন সন্থাৰ ভাৰাপ্ৰাপ্ত সভাপতি নাইমূল হক চৌধুৰী,উপ সভাপতি নবাব আলী, সম্পাদক ৰছিদুল হক,জিন্টু আহমেদকে ধৰি সংগঠনটোৰ বিষয়ববীয়া সকলৰ লগতে স্থানীয় ৰাইজ। উল্লেখযোগ্য যে সদৌ অসম সংখ্যালঘূ ছাত্র সন্থাৰ উদ্যোগত ৰঙিয়া মহকুমা উন্নয়ন সন্থাই আজিৰ এই সভাৰ জৰিয়তে ৰঙিয়াৰ একাংশ কৃতি ছাত্ৰ-ছাত্ৰীকো সম্বৰ্ধনা জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *