সমগত পঞ্চায়ত নিৰ্বাচনত নায়েৰ আলগা জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব শ্বেখ আবুল হাশেমক বাছনি কৰিলে অনায়াসে নিৰ্ব্বাচিত হব বুলি জনগণৰ মাজত চৰ্চা অব্যাহত

নায়েৰ আলগাৰ পৰা ৰমজান আলী ৰিপৰ্ট:

9 নভেম্বৰ :

বিগত 2013 চনৰ পঞ্চায়ত নিৰ্বাচনত নায়েৰ আলগা জিলা পৰিষদ কংগ্ৰেছ দলৰ পৰা প্ৰাক্তন বিধায়ক আলী আকবৰ ঘৈণীয়েক ফৰিদা ইয়াছমিনে প্ৰতিদ্বন্দীতা কৰিছিল আৰু এ আই ইউ ডি এফ দলৰ পৰা কাজাইকাটা ছুৱাপাতা সমবৰ চেয়াৰমেনৰ শ্বেখ আবুল হাশেমৰ ঘৈণীয়েক শ্বেখ আনিছা বেগমে প্ৰতিদ্বন্দিতা কৰিছিল।মনকৰিবলগীয়া কথা যে দুয়োৰে মাজত তুমুল পৰ্য্যায়ৰ যুদ্ধ হৈ মাত্র দুশ মান ভোটাৰ ব্যৱধানত চেয়াৰমেনৰ ঘৈণীয়েক শ্বেখ আনিছা বেগমে পৰাজয় হৈছিল । এই বেলি পঞ্চায়ত নিৰ্বাচনত শ্বেখ আবুল হাশেমে এ আই ইউ ডি এফ দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰি নায়েৰ আলগা জিলা পৰিষদৰ প্ৰাৰ্থিত্ব আবেদন কৰিছে। যদিও প্ৰাক্তন আলী আকবৰ মিঞাৰ ঘৈণীয়েক ফৰিদা ইয়াছমিনে সমষ্টিবাসী জনগণৰ লগত ওতঃপ্ৰোত ভাবে জড়িত নথকাত তথা সমষ্টিটোত পাচঁ বছৰত একো উন্নয়নমুলক কাম-কাজ নকৰাৰ ফলত ইয়াছমিনাৰ প্ৰতি এইবেলি পঞ্চায়ত নিৰ্বাচনত জনগনে অনীহা প্ৰকাশ কৰে । মুঠতে প্ৰশ্ন হল যে সমগত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা শ্বেখ আবুল হাশেমক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে অনায়াসে নিৰ্ব্বাচিত হব বুলি সমষ্টিবাসীৰ জনগণৰ মাজত চৰ্চা অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *