সমগ্ৰ ৰাজ্যৰ লগতে হাটশিঙিমাৰী অধিবক্তা সন্থাৰ প্ৰতিবাদ কাৰ্য্যসুচীঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট,

১১ জানৱাৰী ঃ

ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ প্ৰতিবাদ ৷ আজি সদৌ অসম অধিবক্তা সন্থাৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে দঃশালমাৰা মানকাচৰ জিলাৰ সদৰ ঠাই হাটশিঙিমাৰীত, হাটশিঙিমাৰী অধিবক্তা সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত হাটশিঙিমাৰী অধিবক্তা কাৰ্য্যলয়ৰ সন্মুখত ধৰ্না কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷ কাৰ্য্যসূচীত অধিবক্তা সকলে এই বিল সমৰ্থন নকৰো, বিজেপি গো বেক আৰু কিছু চৰকাৰ বিৰোধী প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ জাতিৰ নায়ক সৰ্বানন্দৰ এই বিলৰ প্ৰতিবাদ কৰিবলৈ আহব্বান জনায় আৰু পদত্যাগ কৰি জাতিৰ নায়কৰ পৰিচয় পএ ঘুৰাই দিবলৈ আহ্বান জনায় হাটশিঙিমাৰীৰ অধিবক্তা সন্হাই ৷ আজি যিটো জাতিদ্ৰোহী বিধেয়ক অসমীয়াৰ ওপৰত জাপি দিবলৈ চেষ্টা চলাইছে এয়া কেতিয়াও মানি নলয় , বাংলাদেশী হিন্দু বা মুছলমানেই হ’ক আমি কেতিয়াও মানি নলওঁ ৷ এই বিল বাতিল নকৰিলে ভয়াবহ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হম আৰু লাগিলে উচ্চতম ন্যায়ালয়ৰ দাৰস্হ হম বুলি জনায় হাটশিঙিমাৰে অধিবক্তা সন্হাই ৷ সকোলো স্তৰৰ ৰাইজক এই বিলৰ বিৰূদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় হাটশিঙিমাৰী অধিবক্তা সন্থাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *