সামাজিক চেতনা অভিযান :লালপুলস্তিত সীমা সুৰক্ষা বাহিনীৰ

ওদালগুৰীৰ পৰা ছমৰ আলীৰ প্রতিবেদনঃ

19 জানুৱাৰী:

ওদালগুৰি জিলাৰ লালপুলস্তিত ২৩নং বেটেলিয়ন সীমা সুৰক্ষা বাহিনী চমুকৈ এছ এছ বিয়ে অতি পিছপৰা গাওঁসমূহত বিগত দিনবোৰত বিভিন্ন সামাজিক কাম কাজ কৰি ৰাইজৰ পৰা ভূয়সী প্ৰশংসা ও সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।ঠিক তেনেদৰে লালপুল সীমা সুৰক্ষা বাহিনীয়ে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী বান্দৰৰপৰা, চপনগাও,খুছুৰাবাৰী হাবি,কচুবিল আৰু ভৈৰবকুণ্ড গাৱত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে এক ব্যতিক্ৰমী সামাজিক চেতনা অভিযান।উক্ত অনুষ্টানত উপস্হিত থাকে এছএছবিৰ বেজপাৰাৰ ডিআইজি এ.কে মল্লিক ,২৩নং লালপুল এছএছবিৰ কমাণ্ডেন্ট ম্ৰীগেন শৰ্মাৰ লগতে বহু উচ্চ পদস্থ শীৰ্ষ বিষয়া ।শুক্ৰবাৰে বান্দুৰগুৰি হাইস্কুল প্ৰাংগনত মনোৰঞ্জন ধৰ্মী আৰু সজাগতামূলক আয়োজনেৰে শুভাৰম্ভ কৰে সামাজিক চেতনা অভিযান অনুষ্টানটি।ৰাতিপুৱা দিনৰ ১১বজাত ২৩নং বিএন এছ এছ বি লালপুল আৰু ৬১নং বিএনএছএছবিৰ মাজত ভলীবল খেল অনুষ্টিত কৰে।খেল ধেমালীৰ লগতে বিনামূলীয়া স্বাস্থ্য সেৱা, পশু চিকিৎসা শিবিৰ অনুষ্টিত কৰি ঔষধ বিতৰণ কৰে।উল্লেখ্য যে সমাজত চলি থকা ধৰ্মীয় গৌড়ামী,অন্ধ বিশ্বাস দূৰ কৰা,যুবক যুৱতী সকলক মদ্যপান আৰু নিচাযুক্ত বস্তুৰ পৰা দূৰত ৰখা,বেটী পঢ়াও বেটী বাচাও আদিৰ ওপৰত বিভিন্ন সজাগতামূলক প্ৰদৰ্শনীৰ জৰিয়তে ৰাইজক সজাগ কৰাই পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা এই অভিযানৰ মূল উদ্দেশ্য বুলি এছএছবিৰ শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে।উক্ত অনুষ্টানত বিহু, আদিবাসী , বড়ো, নেপালী, আদি বিভিন্ন জনগোষ্ঠীৰ লোকে নৃত্য গীত পৰিবেশন কৰা পৰিলক্ষিত হয়।এছএছবিয়ে পিছপৰা গাওঁসমূহত এনেদৰে হাতত লোৱা সামাজিক চেতনা অভিযানত উক্ত গাঁৱসমূহৰ স্থানীয়লোকে ভূয়সী প্ৰশংসা কৰাৰ লগতে উৎফুল্লিত হৈ পৰিছে গয়া ৰাইজ।

Leave a Reply

Your email address will not be published. Required fields are marked *