সুৰামুক্ত অসমৰ দাবীত গোলাঘাট জিলাৰ ৱাটিংত মদ যুক্ত আসম দাবী সমিতিৰ তীব্র প্রতিবাদ

গোলাঘাটৰ পৰা মুকিবুৰ ৰহমানৰ প্রতিবেদন :29 অক্টোবৰ :

গোলাঘাট : আজি মদমুক্ত অসম দাবী সমিতিৰ আহ্বানত গোলাঘাট সমষ্টিৰ ৱাটিং ত শ শ পুৰুষ মহিলা অংশগ্ৰহনেৰে সুৰামুক্ত অসমৰ দাবীত প্ৰতিবাদী সভা ,শোভাযাত্ৰাৰে তীব্ৰ প্ৰতিবাদ সাৱস্থ্য কৰে ৷ প্ৰথমে ৱাটিং ৰেল ষ্টেচনৰ প্ৰাংগনত ৰাণা চাওৰাৰ সভাপতিত্বত অনুষ্ঠিত সুৰাবিৰোধি সভাখনত মদমুক্ত অসম দাবী সমিতিৰ সভাপতি প্ৰবীন দাসে উদাক্ত ভাষনেৰে সুৰামুক্ত অসমৰ বাবে ৰণৰ সাজেৰে ৰাজপথলৈ উলাই আহিবলৈ সকলোকে আহ্বান জনাই ৷ ভাষণ প্ৰসংগত তেও কয় যে অসমৰ ভূমিপুত্ৰ , খিলঞ্জীয়া অসমীয়া আৰু অসমীয়া লোক সকলক বৰ্তমান চৰকাৰী ব্যৱস্থাটোৱে মদ আৰু নিচাযুক্ত দ্ৰৱ্য খোৱাই হত্যা কৰি হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশীৰ ভোটেৰে আজীৱন ক্ষমতাত থকাৰ ষড়যন্তৰে জাতিটোক নিশেষ কৰিবলৈ আগবাঢ়িছে ৷ এনে জাতিধংশী কাৰ্যৰ বাবে জাতি বৰ্ণ নিৰ্বিশেষে যুদ্ধলৈ উলাই নাহিলে এদিন সকলো নিশেষ হৈ অসমীয়াৰ মৰিশালীৰ উপৰত কান্দোনৰ ৰুল উঠিব ৷ চুমিত চাওৰাই উদেশ্য বাখ্যা কৰা সভাখনত মদমুক্ত অসম দাবী সমিতিৰ সম্পাদক পুলকৰঞ্জন গগৈ ,গোলাঘাট জিলাৰ সম্পাদক ৰিকুমনি ৰাজখোৱা উপস্থিত হৈ ৰবি দেক সভাপতি ,প্ৰীতম ধৰ ,বাণী ভূঞাক সম্পাদক ,গীতা সিংক কাৰ্যকৰী সভাপতি আৰু মাধবী সিং,টুম্পা ধৰক নায়ক হিচাপে লৈ ৱাটিং মদমুক্ত বাহিনী গঠন কৰি পোন্ধৰ দিনৰ ভিতৰত অঞ্চলটোত সকলো ধৰণৰ মদ বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনাই এক প্ৰস্তাৱ গ্ৰহন কৰে ৷ ইয়াৰ পিছতেই প্ৰতিবাদকাৰী সকলে অসমত সুৰা নিষিদ্ধ কৰক, সৰ্বানন্দ চৰকাৰ মূৰ্দাবাদ ,ৰাইজৰ তেজখোৱা আবকাৰী বিভাগ মূৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে অঞ্চলটোৰ আকাশ বতাহ কপাই তুলি শোভাযাত্ৰা কৰি কৰি ৱাটিং বজাৰ অভিমূখে যাত্ৰা কৰে ৷ সুৰা বন্ধৰ বাবে ৱাটিং বজাৰত প্ৰতিবাদ কাৰী সকলে এখন পথসভা আয়োজন কৰি মদমুক্ত অসম দাবী সমিতিৰ সভাপতি প্ৰবীন দাসে সকলোকে সুৰাৰ পৰা আতৰি থাকিবলৈ আৰু বজাৰত সকলো মদৰ দোকান বন্ধ কৰিবলৈ আহ্বান জনাই প্ৰতিবাদী কাৰ্য্যসূচী সামৰণি মাৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *