স্বৰ্গীয় জয়চান্দলাল সিংহীৰ স্মৃতিত বাবুৰহাট স্পোৰ্টচ ক্লাব আৰু লাইব্ৰেৰীৰ সৌজন্যত অষ্টম বাৰ্ষিক দিবা নৈশ ভলীবল প্ৰতিযোগিতা

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ

,২০জানুৱাৰী:-

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ জয়চান্দলাল সিংহীৰ স্মৃতি সোৱৰণি বাবুৰহাট স্পোৰ্টচ ক্লাব আৰু লাইব্ৰেৰী ৰ সৌজন্যত গোৱালেৰ চৰ বাবুৰহাট প্ৰাঙ্গণত অষ্টম বাৰ্ষিক দিবা নৈশ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। দিবা নৈশ ভলীবল প্ৰতিযোগিতাৰ কাৰ্যসূচী অনুসৰি যোৱা কালি ৰাতিপুৱা ঌ বজাত পতাকা উত্তোলন। পতাকা উত্তোলন কৰে কাজাইকাটা ছুৱাপাতা গাঁৱ পঞ্চায়তৰ নৱ নিৰ্বাচিত সভাপতি হুৰমুজ আলীয়ে(সাজু)। ৰাতিপুৱা ১১ বজাত বৃক্ষ ৰোপন। বৃক্ষ ৰোপন কৰে কাজাইকাটা ছুৱাপাতা গাঁৱ পঞ্চায়তৰ নৱ নিৰ্বাচিত কাউন্সিলাৰ বিউটি জেছমিনা বেগমে। উক্ত দিবা নৈশ ভলীবল প্ৰতিযোগিতাৰ শুভ উদ্বোধনী গীত পৰিৱেশন কৰে স্হানীয় শিশু শিল্পী দুগৰাকীয়ে। পাছত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া সুবব্ৰত সেন ডাঙৰীয়াই উপস্থিত থাকি সন্ধিয়া ৬ বজাত দিবা নৈশ ভলীবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে। শুভ উদ্বোধনী খেল খন বাবুৰহাট স্পোৰ্টচ ক্লাব আৰু কোকৰাঝাৰ 7 আসামৰ বেটেলিয়ানৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিবা নৈশ ভলীবল প্ৰতিযোগিতা খেল খন শান্তি পূৰ্ণ ভাবে অনুষ্ঠিত হৈ যায় যদিও স্বৰ্গীয় জয়চান্দলাল সিংহী ৰ স্মৃতি সোৱৰণি লৈ ৰাইজৰ মাজত ব্যপক চৰ্চা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। উক্ত খেলত বহুতো গন্য-মান্য ব্যক্তি সকলৰ লগতে সহস্ৰাধিক ৰাইজে উপস্থিত থাকি দিবা নৈশ ভলীবল প্ৰতিযোগিতা খেলখন উপভোগ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *