সৰভোগত কালী পূজামেলাৰ দ্বাৰ উন্মোচন কৰিলে বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

বৰপেটাৰ পৰা প্ৰীতিষা গোস্বামী,

০৮ নৱেম্বৰ:

বৰপেটা জিলাৰ সৰভোগৰ ঐতিহ্যমণ্ডিত উত্তৰ গণকগাড়ী কালী পূজা উদযাপন সমিতিৰ উদ্যোগত তেৰদিনীয়া কাৰ্য্যসূচীৰে পালন কৰিবলগীয়া কালী পূজাৰ মেলাৰ কালি দ্বিতীয় দিনা সন্ধিয়া ৭ বজাত দ্বাৰ উন্মোচন কৰে বিত্ত, স্বাস্থ্য তথা গড়কাপ্টানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছতে অনুষ্ঠিত পূজাৰ দ্বাৰ উন্মোচনী সভাত মন্ত্ৰীগৰাকীৰ লগতে সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস, বিজেপিৰ বৰপেটা জিলা সভাপতি শংকৰ চন্দ্ৰ দাস, বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেণ কুমাৰ চক্ৰৱৰ্তী, বজালী জিলা বিজেপিৰ সভাপতি তথা যুৱ সমাজকৰ্মী ফণী পাঠক, কালী পূজা উদযাপন সমিতিৰ সভাপতি হিতেন্দ্ৰ দাস উপস্থিত থাকে। বিত্ত মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত কয় যে, ভাৰতত সনাতন হিন্দু ধৰ্ম কোনেও প্ৰতিষ্ঠা কৰা নাছিল। চাৰিবেদক সত্যৰ চাৰিটা স্তম্ভ বুলি কওঁ। বৌদ্ধিক সমাজৰ লগত আধ্যাত্মিকতাৰ এটা সম্পৰ্ক আছে। মানুহৰ উপাসনাৰ ধৰণ বেলেগ বেলেগ হ’ব পাৰে, কিন্তু সত্য অন্বেষণেই মানুহৰ একমাত্ৰ ধৰ্ম। ধৰ্ম মানে মানৱীয় প্ৰমূল্য, ধৰ্ম মানে শান্তি। কোনোবাই ভাষাৰ নামত, উপাসনাৰ পাৰ্থক্যক লৈ আমাৰ মাজত বিভেদ আনিব বিচাৰে। কিন্তু হিন্দু ধৰ্মই উপাসনাৰ ভিন্নতাক স্বীকৃতি দিয়ে। সনাতন হিন্দু ধৰ্মই বৈষ্ণৱ, শাক্ত, খ্ৰীষ্টান, জৈন সকলোকে স্বীকৃতি দিয়ে। আমি সকলোতে ঈশ্বৰ দেখোঁ। সৰ্বব্যাপী, সৰ্বগ্ৰাসী ভগৱানৰ উপস্থিতি বিশ্বত অকল সনাতন হিন্দু ধৰ্মই বিশ্বাস কৰে। সনাতন হিন্দু ধৰ্মই মানৱতাৰ কথা কয়। সনাতন প্ৰকৃতিৰ কথা কয়, প্ৰদূষণৰ কথা কয়, মুঠতে সনাতন হিন্দু ধৰ্মই বিজ্ঞানে কোৱা সকলো কথাই কয়। তদুপৰি তেওঁ, মঠ, মন্দিৰ উদ্ধাৰ কৰি সনাতন হিন্দু ধৰ্মৰ শ্বাশ্বত স্বৰূপ কেনেকৈ ৰক্ষা কৰিব পাৰি সেই বিষয়ত বুদ্ধিজীৱিসকলক মনোযোগ দিবলৈ আহ্বান জনায়। ইপিনে বিধায়ক ৰণজিৎ কুমাৰ দাসে তেওঁৰ ভাষণত, অকল অসমক নহয় ভাৰতক নেতৃত্ব দিব পৰা ব্যক্তি হ’ল ড° হিমন্ত বিশ্ব শৰ্মা বুলি কৈ মন্ত্ৰীগৰাকীৰ নেতৃত্বক প্ৰশংসা কৰে। সৰভোগ সমষ্টিৰ পথ আৰু দলং নিৰ্মাণৰ বাবে প্ৰদান কৰা ৩২ কৌটি টকাৰ অনুদানৰ বাবে তেওঁ সমষ্টিবাসীৰ হৈ বিত্ত মন্ত্ৰী গৰাকীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে। দ্বাৰ উন্মোচনী সভাৰ পিছতে পূজাথলীত আতচবাজী প্ৰদৰ্শন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *