সৰভোগৰ কুমুৰীয়াত পশ্চিম খাৰিজা-বিজনী ছাত্ৰ সন্থাৰ উদ্যোগত শিল্পী দিৱস পালন

বৰপেটাৰ পৰা প্ৰীতিষা গোস্বামী,

১৮ জানুৱাৰী:

বৰপেটা জিলাৰ সৰভোগৰ পশ্চিম খাৰিজা-বিজনী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি সৰভোগৰ কুমুৰীয়াৰ ৰাস মন্দিৰ প্ৰাংগণত শিল্পী দিৱস উদযাপন কৰা হয়। শিল্পী দিৱস উপলক্ষে পুৱা ৯ বজাত কুমুৰীয়াৰ বিশিষ্ট ব্যক্তি ব্ৰক্ষ্মানন্দ ৰায়ে পতাকা উত্তোলন কৰে। পুৱা ৯.৩০ বজাত শ্বহীদ তৰ্পণ কৰে প্ৰাক্তন আছু নেতা অমৰ মিশ্ৰই। তাৰপিছতে পশ্চিম খাৰিজা-বিজনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক মুহিন্দ্ৰ নাথে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰে। দিনৰ ১১ বজাত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সন্ধিয়া ৭ বজাত কবিতা আবৃত্তি আৰু আকস্মিক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *