হাজিৰহাটত ভয়াবহ অগ্নিকাণ্ড : তিনিটা বাসগৃহ সহ ৪৫ লাখ টকাৰ ক্ষতি সাধন :

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট ,

১৫ জানৱাৰী ঃ

আজি ৰাতি প্ৰায় ১২:৩০ বজাত দঃশালমাৰা মানকাচৰ জিলাৰ সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত হাজিৰহাটৰ কাজিৰগাওঁত নুৰুল হাছান পিতা ছামচুল হকৰ ঘৰত এক ভয়ংকৰ অগ্নিকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চল জুৰি ৷ অগ্নিকাণ্ডত তিনিটা বাসগৃহ , ৪০টা ভৰা গেছ চিলিণ্ডাৰৰ লগতে প্ৰায় ৩৫ লাখ টকাৰ সাসম্পত্তিৰ জুইত জ্বলি ভস্মীভূত হয় ৷ এই অগ্নিকাণ্ডত শিক্ষক ছুৰত জামাল পিতা ৺হজৰত উল্লাহৰ ঘৰৰ সকোলো প্ৰকাৰৰ নথিপত্ৰ জ্বলি ভস্মীভূত হোৱাৰ লগতে প্ৰায় ১০ লাখ টকাৰ ক্ষতিসাধন হয় ৷ ঘটনাস্থলীত কোনো অগ্নি নিৰ্বাপক গাড়ী উপস্থিত হোৱানাই ৷ কেনেকৈ অগ্নিকাণ্ড সুত্ৰপাত হৈছে সেয়া এতিয়াও উদ্ধাৰ হোৱা নাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *