হাটশিঙিমাৰীৰ কৃষি বিষয়াৰ কাৰ্যালয়ত দুখীয়া কৃষকক পাম্পচেট বিতৰণঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট, ০৮ ফেব্ৰুৱাৰীঃ-

আজি দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি বিষয়াৰ কাৰ্য্যলয়ত জিলা উপায়ুক্ত আতিকা চুলতানাৰ উপস্হিতিত কৃষকক প্ৰদান কৰে একোখন কৈ পাম্পচেট । জিলা উপায়ুক্ত আতিকা চুলতানা সাংবাদিকৰ আগত কয় – আমাৰ জিলাৰ কৃষকৰ বাবে চৰকাৰে লোৱা নতুন নতুন আচঁনি আমি সঠিক বাবে ৰুপায়ণ কৰিবলৈ চেষ্টা কৰিম । আজি কৃষকক পাম্পচেট দিলো খুব কম সময়ৰ বিতৰত কৃষকৰ সুবিধাৰ বাবে আমাৰ জিলাত ৫৮ খন ট্ৰেক্টৰ দিবলৈ চেষ্টা কৰি আছো ।
জিলা কৃষি বিষয়া ড: মোজাম্মিল হকে জানিবলৈ দিয়া মতে -RIDF আচঁনিৰ অধীনত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কৃষকক বিশেষ সুলভ মূল্যত যোগান দিয়া হৈছে এই পাম্পচেটবোৰ ।
কাৰ্য্যবাহী অভিযন্তা ৰেকিব আহমেদে সাংবাদিকৰ আগত কয় – চৰকাৰৰ অভিলাষী আচঁনি RIDF দুখীয়া কৃষকক কোনো ব্যক্তিৰ সহায় নোলোৱা কৈ নিজেই অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব । আৰু চৰকাৰে সুলভ মূল্যত যোগান ধৰা পাম্পচেটবোৰ সঠিকবাবে ব্যৱহাৰ কৰিব লাগিব ।
আজিৰ এই অনুষ্ঠানত উপস্হিত থাকে কনিষ্ঠ অভিযন্তা নুৰ আলিমা আখতাৰ ,মানকাচৰৰ কৃষি সম্প্ৰসাৰণ বিষয়া খন্দকাৰ সাহিদুল আলম , মানকাচৰৰ গ্ৰাম সেৱকৰ উপৰিও বিভিন্ন পঞ্চায়তৰ নৱ নিৰ্বাচিত জনপ্ৰতিনিধি লগতে কৃষকসকল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *