হাটশিঙিমাৰী মহাবিদ্যালয়ত বিশ্ব নাৰী দিৱস উৎযাপণঃ

“এটা শিক্ষিত সমাজ গঠনত নাৰীৰ ভুমিকা অপৰিসীম” =নাজিৰ হুছেইন মোল্ল্যা

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট , ০৯ মাৰ্চ ঃ-

আজি সমগ্ৰ বিশ্বত সকলোৱেই মিলি উৎযাপিত কৰিলে বিশ্ব নাৰী দিৱস । নাৰীৰ সন্মান , অধিকাৰ , সমতা , ন্যায় আদি প্ৰতিষ্ঠাৰ বাবে বিভিন্ন শ্লোগানেৰে মুখৰিত কৰিছে বিশ্বৰ চুকে কোনে ।
সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি হাটশিঙিমাৰী মহাবিদ্যালয়ত Global Education &Technoworld আৰু হাটশিঙিমাৰী মহাবিদ্যালয়ৰ NSS ইউনিটৰ যৌথ উদ্যোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উৎযাপিত কৰা হয় বিশ্ব নাৰী দিৱস । দিনযোৰা কাৰ্য্যসূচীত তৰ্ক, কুইজ আৰু বিহু নৃত্য প্ৰতিযোগিতা পতা হয় । আজিৰ এই অনুষ্ঠানত হাটশিঙিমাৰীৰ প্ৰায় সকলোবিলাক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ।
Global Education &Technoword ৰ মূখ্য সঞ্চালক প্ৰধান নাজিৰ হুছেইন মোল্ল্যাই সাংবাদিকৰ নিজৰ মতামত দাঙি ধৰি কয় – আজি বিশ্ব নাৰী দিৱস বুলি নাৰীক সন্মান কৰিম , অহা কালি আকৌ সেই নাৰীক আমি অসন্মান কৰিম নেকি ?
আমি নাৰীক সন্মান কৰিব লাগিব গোটেই দিনত, সপ্তাহত , মাহত , বছৰত । নাৰীয়েই মোৰ মা । এটা শিক্ষিত সমাজ গঠনত নাৰীৰ ভুমিকা অপৰিসীম ।

আজিৰ এই অনুষ্ঠানত ভাগ লয় হাটশিশিমাৰী মহাবিদ্যালয় অধ্যক্ষ ড:বখতিয়াৰ খিলজী , ড:ছানম মণ্ডল , কমিউনিটি হেলথ অফিছাৰ ছুইটী হাজৰিকা , অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক মজিবৰ ৰহমান আদি ব্যক্তিয়ে সহায় সহযোগিতা আগবঢ়ায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *