১৬২৯ নং শ্ৰী শ্ৰী শংকৰদেৱ বিদ্যা মন্দিৰ এল পি স্কুলৰ প্ৰবেশ দ্বাৰ আৰু চৌহদৰ দেৱাল আনুষ্ঠানিক ভাৱে উন্মোচন কৰিলে বিশিষ্ট সমাজসেৱক তথা চিকিৎসক ডা: কানুলাল দাস দেৱে

৭ জানুৱাৰী

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন :-

ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ ১৩ নং ৱাৰ্ডত অবস্থিত ১৬২৯ নং শ্ৰী শ্ৰী শংকৰদেৱ শিশু বিদ্যা মন্দিৰৰ মূল দ্বাৰ আৰু চৌহদৰ দেৱাল আনুষ্ঠানিক ভাৱে উন্মোচন কৰে ডা: কানুলাল দাস মহোদয়ে । প্ৰাপ্ত বাতৰি মতে ৰজা দিনীয়াৰ পৰা চলি থকা উক্ত বিদ্যালয়খন সঠিক ভাৱে পৰিচালিত হৈ আছিল যদিও বিদ্যালয়ৰ চৌহদ আৰু প্ৰবেশ দ্বাৰৰ অভাৱ দেখা পোৱা গৈছিল । বিশিষ্ট সমাজসেৱক তথা এজন সু চিকিৎসক ডা: কানুলাল দাস দেৱে তেওঁৰ মাতৃৰ স্মৃতিত নিজা বৰঙণিৰে আগবঢ়োৱা বিদ্যালয়ৰ প্ৰবেশ দ্বাৰ আৰু চৌহদৰ দেৱাল তেওঁ আজি নিজ হাতে উন্মোচন কৰি বিদ্যালয় তথা সেই এলেকাৰ ৰাইজৰ মাজত আশীৰ্বাদ আৰু প্ৰশংসা লাভ কৰিছে । তেওঁ নিজৰ উপাৰ্জনৰ অৰ্ধাংশ সমাজৰ কল্যাণৰ উদ্দেশ্যে আগবাঢ়ি যাব বুলি নিজৰ ভাষনত কয় ।উক্ত অনুষ্ঠানত উপস্থিত থাকে বিলাসীপাৰা প্ৰাথমিক শিক্ষা খণ্ড বিষয়া মনোজ ফুকন ,বিশিষ্ট শিক্ষাবিদ আয়ুবউদ্দিন আহমেদ, বিলাসীপাৰা বিদ্যালয় উপ পৰিদৰ্শক মাননীয় শ্ৰীযুত বিষ্ণু চৰণ নাথ, বিদ্যালয় পৰিদর্শক মিজানুৰ ৰহমান আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলক।

Leave a Reply

Your email address will not be published. Required fields are marked *