২১নং বিধান সভা সমষ্টিৰ প্ৰয়াত বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী শ্ৰীযুত জহিৰুল ইছলামৰ আধাৰশিলাৰ ওপৰত ২২নং দঃশালমাৰাৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ আধাৰশিলা স্থাপনঃ

হাটশিঙীমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট,

২৯ ডিচেম্বৰ ঃ-

দঃশালমাৰা মানকাচৰ জিলাৰ সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ১৯৯৪ চনৰ ২৪ নভেম্বৰত বিজ্ঞান বিভাগৰ বিল্ডিংৰ আধাৰশিলা স্থাপন কৰিছিল মৰহুম জলসিঞ্চন মন্ত্ৰী শ্ৰীযুত জহিৰুল ইছলাম চাহাবে ৷ যোৱাকালি জহিৰুল ইছলাম নামৰ যুৱক এজনে প্ৰয়াত জলসিঞ্চন মন্ত্ৰী জহিৰুল ইছলামৰ নাম উঠাইদি ২২নং দঃশালমাৰা সমষ্টিৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ নাম লিখে ৷ স্থানীয় একাংশ যুৱকে বাধা দিয়ে আৰু আৰক্ষীক অৱগত কৰে ৷ উল্লেখ্য যে চুৰি কৰি যি আধাৰশিলা স্থাপন কৰিবলৈ লৈছিল সেয়াও ২৫/১১/২০১৬ তাৰিখৰ আছিল ৷ ৰাইজে বাধা প্ৰদান কৰাত সম্পূৰ্ণকৈ লিখিব পৰা নাই আধাৰশিলা খন ৷ প্ৰাপ্ত বাতৰি মতে আৰক্ষীয়ে আধাৰশিলাৰ কাম কৰি থকা এজন ব্যক্তিক সোধ-পোছৰ কাৰণে থানালৈ লৈ যায় ৷ ২০১৬ চনৰ ২৫ নভেম্বৰৰ কামৰ আধাৰশিলা দুবছৰ পিছত কিয় বনাইছে ? কোনো চৰকাৰী ধন হৰলুকি কৰাৰ উদ্দেশ্য তো নহয় ? এনে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে ৷ জিলা প্ৰশাসনে ইয়াৰ উচিত তদন্ত কৰি ৰহস্যৰ উদ্ঘাটন কৰিব নে এয়া ৰাইজৰ প্ৰশ্ন ?

Leave a Reply

Your email address will not be published. Required fields are marked *