ৰঙা চকুলৈ ভয় নকৰে আমছু।

সময় সমাগত
তালৈ অপেক্ষা কৰা,
বদন ,খলনায়ক আৰু তুমি
সাজু হোৱা সময়লৈ ,
উচিত শিক্ষা দিয়া হব !

আমছু আৰু জমিয়তলৈ
মাথা মাৰি লাভ নাই ,
আমি কাৰো ৰঙা চকুলৈ
ভয় নকৰা জাতি আৰু সংগঠন !

ভাষা আন্দোলন
আৰু তেজ দিয়া
ওমৰ আলী কোন আছিল?
তেতিয়া কমিন ,কালন্ত কত আছিল?
ইতিহাস পঢ়ি লবা বদনহঁত
কোন অসমৰ অসমীয়া !

হেৰা বদনহঁত
জাতি মাটি আৰু ভেটি
নামত ৰাজনীতি কিমান তললৈ !
ইয়াৰ এদিন শেষ আছে,
হয়তো তোমালোক নজনা নহয়
কিন্তু নিলাজ নিলাজ তোমালোক !

ক্ষমতাৰ বলিয়া হৈ
নিজৰ নাক-কাণ কাটি
জাতি মাটি ভেটি বন্ধকত দিয়া
তোমালোক অসমৰ বদন ৰূপী হিটলা
কিন্তু এটা কথা কও
বিপদ আহিলে আমি সকল বিকল্প!

আমি অসমৰ অসমীয়া
জনমে জনমে অসমৰ অসমীয়া
মৰিলে মৰিম
তেজ লাগিলে দিম
কিন্তু আমি মুছলমান জনগণ খাটি অসমীয়া!

সময় সমাগত
সময়লৈ অপেক্ষা কৰা
অসমৰ জনগণ সাজু
উচিত শিক্ষা দিবলৈ সাজু !!

লিখক ঃ আইনুদ্দিন আহমেদ।

কার্য্যকৰি সভাপতি (আমছু)

Leave a Reply

Your email address will not be published. Required fields are marked *