ৰাজতন্ত্ৰৰ পৰা আৰম্ভ কৰি গণতন্ত্ৰ ৭০ বছৰ অতিক্ৰম হোৱাৰ পিছতো চৰকাৰী উন্নয়নৰ মুখ দেখা নাই বিলাসীপাৰা মডেল চহৰৰ মাজমজিয়া ৰঞ্জিত নগৰ বাসী

_________________________

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদনঃ

,১৫জানুৱাৰী:-

দুখ আৰু পৰিতাপৰ বিষয় ৰাজতন্ত্ৰৰ পৰা আৰম্ভ কৰি গণতন্ত্ৰ ৭০ বছৰ অতিক্ৰম হোৱাৰ পিছতো উন্নয়নৰ মুখ দেখা নাই ধুবুৰী জিলাৰ বিলাসীপাৰা মডেল চহৰৰ মাজমজিয়া ৰঞ্জিত নগৰবাসী। উক্ত নগৰবাসীয়ে যুগ যুগ ধৰি পতিত অৱস্থাত পশু পক্ষী দৰে জীৱন নিৰ্বাহ কৰি থকা পৰিলক্ষিত হৈছে। এজাক বৰষুণ হলে ৰাস্তা বুৰাই পেলায়। গাঁৱবাসী ঘৰৰ পৰা ওলাব নোৱাৰে। বাৰিষাৰ সময়ত গাঁৱবাসীয়ে ঘৰবাৰী এৰি বিলাসীপাৰা চহৰৰ ক্লাব বা স্কুলত শিবিৰ পাতি অনাহাৰত জীৱন কটাবলগীয়া হয়। এই ক্ষেত্ৰত কোনো ৰাজনৈতিক প্ৰতিনিধি নেতা পালি নেতাই কানসাৰ দিয়া নাই। বিশেষ কৰি দূৰ্গা পূজাৰ সময়ত পূজা অৰ্চনা কৰাত গাঁৱবাসীৰ বিৰাট অসুবিধা সন্মুখীন হ’ব লগা হয়। বৰ্তমান গাঁৱ খনৰ কাষৰীয়া ৰাস্তাটোৰ দৌপাশে নাই পৰ্য্যাপ্ত নলা। নলাৰ গেলা পচা পানী ৰাস্তাৰ মাজেদি বৈ যায়। এই গেলা পচা পানীৰ মাজতে সদায় অহা যোৱা কৰিব লগা হৈছে গাঁৱবাসীয়ে। মাজে-মাজে সৰু সৰু শিশুহত গেলা পচা নলাত পৰি মৃত্যুৰ লগতে আহত হোৱাৰ বহুতো নজিৰ আছে আৰু উক্ত নলাৰ প্ৰতি সদায় শিশুহতৰ মৃত্যু হোৱাৰ ভাবুকি কৰিয়াই অনা পৰিলক্ষিত হৈছে। বিলাসীপাৰা মডেল চহৰ খনৰ মাজমজিয়া ৰঞ্জিত নগৰবাসী দুৰ্যোগত ভুগিব লগা ৰাইজৰ চকু কপালত উঠিছে। গাঁৱ খনৰ দূৰৱস্হাৰ মাজতে গাঁৱবাসীয়ে জীৱন নিৰ্বাহ কৰি থকা পৰিলক্ষিত হৈছে যদিও বিলাসীপাৰা ১৩ নং ৱাৰ্ড কমিচনাৰ অৰূপ সাহা গভীৰ নিদ্ৰাত মগ্ন হৈ পৰা দেখা গৈছে। অথচ ৱাৰ্ড কমিচনাৰ অৰূপ সাহাই যোৱা বিলাসীপাৰা নগৰ সমিতি নিৰ্বাচনত মিথ্যা প্ৰতিশ্ৰুতি দি ভোট লাভ কৰি ৱাৰ্ড কমিচনাৰ হৈ নিজৰ ঘৰৰ পৰা অহা যোৱা কৰাৰ কাৰণে ছি ছি ছি ব্লকৰে ৰাস্তা বনাই লৈছে। সেই ৰাস্তা বনাই সেই ৰাস্তাৰে অহা যোৱা কৰি থকাৰ লগতে তিনি মহলা ঘৰত বিলাসী জীৱন নিৰ্বাহ কৰি থকা পৰিলক্ষিত হৈছে। ভাৰত স্বাধীন হোৱা ৭০ বছৰ অতিক্ৰম হোৱাৰ পিছতো উন্নয়নৰ মুখ দেখা নাপাই যোৱা নগৰ সমিতি নিৰ্বাচনত অৰূপ সাহাক বহু আশাৰে ভোট দি ৱাৰ্ড কমিচনাৰ বনাই ছিল যদিও তেওঁ প্ৰায় পাঁচটাবছৰ অতিক্ৰম কৰিলে। কিন্তু তেওঁ তথাপিও গাঁৱবাসী কাৰণে একো নকৰিলে। ইয়াৰ দ্বাৰা প্ৰমানিত হ’ল যে যিয়ে লংকায় যায় সিয়ে ৰাৱণ হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *