ৰৌতাত ভয়ানক অগ্নিকাণ্ড, ফটকাৰ জুইয়ে কাল হল অচিনী দেৰ ।দুই লক্ষাধিক টকাৰ সা-সম্পত্তিৰ

ওদালগুৰীৰ পৰা ছমৰ আলীৰ ৰিপর্ট :

08 নৱেম্বৰ :

ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত কালিবাড়ীত ভয়ানক অগ্নিকাণ্ড সংঘটিত হয়।ফটকাৰ জুইয়ে কাল হল কালিবাড়ীৰ অচিনী দেৰ ।প্ৰাপ্ত তথ্যমতে ৰাতি ৭:৩০বজাত দেৱালীৰ ফটকাৰ জুইয়ে কালিবাড়ীৰ অচিনী দে নামৰ ব্যক্তিৰ ঘৰত জুই লাগি ঘৰৰ লগতে ঘৰত থকা টেন্ট হাউছৰ প্ৰায় দুই লাখৰো অধিক সম্পত্তিৰ ক্ষতি সাধন হয়।জুই লগাৰ প্ৰায় ৪০মিনিট পাছত ওদালগুৰিৰ পৰা নিৰ্বাপক বাহিনী উপস্থিত হয় ঘটনাস্থলীত ।ৰৌতা থানাৰ আৰক্ষীৰ উপস্থিতিত নিৰ্বাপক বাহিনী আহি জুই নুমাৱলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *