ৰৌতাত ভয়ানক বাছ দুৰ্ঘটনা :গুৰুতৰ বাবে আহত যাত্রীবাহী বাছ।

ওদালগুৰীৰ পৰা ছমৰ আলীৰ প্রতিবেদনঃ

26 জানুৱাৰীঃ

ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ঝাৰগাওঁত দিনৰ ১২:৩০বজাত গুৱাহাটী অভিমুখী AS-২৫ C-৫৯৫৫ নম্বৰৰ বাছখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱোবাত দখাবৈত বাগৰি পৰে বাছখন।বাছখনত থকা ৩০জনৰো অধিক যাত্ৰী আহত হয়।পিছত ৰৌতা আৰক্ষী প্ৰশাসনৰ লগতে স্থানীয় ৰাইজৰ তৎপৰতাত যাত্ৰীসকলক আহত অবস্থাত উদ্ধাৰ কৰি ১০৮ মৃত্যুঞ্জয়ৰে ৰৌতা মডেল হাস্পতাললৈ লৈ যায়।কিন্তু ৰৌতা হাস্পাতালৰ পৰা সংকটজনক কেইবাজনো যাত্ৰীক লগে লগে মৃত্যুঞ্জয় ১০৮ৰে তেজপুৰ মেডিকেল কলেজ আৰু গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৰৌতা হস্পিটাল কতৃপক্ষই ।উল্লেখ্য যে যাত্ৰী সকলৰ মাজত মৰ্মান্তিক কান্দোনৰ বন্য বোৱা পৰিলক্ষিত হয়।ঘটনাস্থলীত কোনো যাত্ৰীৰ মৃত্যু হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *