24 ডিচেম্বৰ তাৰিখে কোকৰাঝাৰত আমছুৰ 2 ঘন্টীয়া অৱস্থান ধর্মঘট।

নিউজ ডেস্কৰ পৰা জাকিৰ হুছেইনৰ প্রতিবেদন :

22 ডিছেম্বৰ :

বিটিচি চুক্তি পুনৰীক্ষণ,বিটিচিৰ ভূমিহীন নাগৰিকক মাটিৰ পাট্টা দিয়া,গোষ্ঠীগত সংঘৰ্ষত ক্ষতিগ্ৰস্থ পৰিয়ালক চৰকাৰী চাকৰি দিয়া, বড়োলেণ্ড বিশ্ববিদ্যালয়ত এৰাবিক,উৰ্দু বিভাগ খোলাৰ সমান্তৰালভালে সুকীয়া সংখ্যালঘু ছাত্ৰ অাৰু ছাত্ৰী নিৱাস খোলা, বিটিএডিত পৃথককৈ সংখ্যালঘু উন্নয়ন বোৰ্ড খোলাকে অাদি কৰি ২০ দফীয়া দাবীত অহা ২৪ ডিচেম্বৰত কোকৰাঝাৰত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হব বুলি অাজি বিজনী প্ৰেছ ক্লাৱত সংবাদ মেল অনুষ্ঠিত কৰি সদৰী কতে অামছুৰ মাননীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই। লগতে এই কাৰ্য্যসূচীত সমগ্ৰ বিটিচিবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *