26 বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰী অৰুণ জেটলিৰ প্রতিমূর্তি দাহ ।

বিলাসীপাৰা,জহিৰুল ইছলাম

২৫ অক্টোবৰ:-

সমগ্ৰ দেশৰ লগতে নামনি অসমৰ ধুবুৰী জিলাৰ ২৬ নং বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত আজি বিয়লি ৪ (চাৰি) বজাত বিলাসীপাৰা গান্ধী চকত কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰী অৰুণ জেটলিৰ প্ৰতি মূৰ্তি দাহ কৰে। উল্লেখ্য যে দেশৰ জনসাধাৰণৰ কষ্টৰ ধন আত্মসাৎ কৰি মেহুল চোকসী বিদেশ লৈ পলায় যায আৰু বিদেশৰ পৰা অৰুণ জেটলিৰ জীয়েক সোনালী জেটলিৰ একাউন্টত ২৪ লাখ টকা পঠাই দিয়ে। ইয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় মন্ত্ৰী অৰুণ জেটলিৰ বিৰুদ্ধে বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমান (আলকাছ)ৰ নেতৃত্বত অৰ্ধ শতাধিক যুৱ কৰ্মীয়ে বিজেপি চৰকাৰ গ বেক গ বেক ৰাহুল গান্ধী জিন্দাবাদ আদি শ্ল গানেৰে বিলাসীপাৰা চহৰ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মন্ত্ৰী গৰাকীৰ প্ৰতি মূৰ্তি দাহ কৰে।

Byte — বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমানে

বিলাসীপাৰাৰ পৰা জহিৰুল প্ৰতিবেদন প্ৰতিবেদন।

Leave a Reply

Your email address will not be published. Required fields are marked *